(কণ্ঠ – লতা মংগেছকাৰ)
জোনাকৰে ৰাতি
অসমীৰে মাটি
জিলিকি জিলিকি পৰে
মলয়াৰে এছাটি
দুহাতে সাবটি
ধুনীয়া মালতী সৰে ৷।
এইখন দেশ মোৰ
তেনেই আপোন,
নিতে নিতে আনে
নতুন সপোন
আমাৰ গাঁৱৰে
সৰু জুৰিটিত
তৰাই ধেমালি কৰে।
আশাৰ চাকি জ্বলে
দুখীয়াৰে ঘৰে ঘৰে
তাকে দেখি এন্ধাৰবোৰে
আমাৰ গাঁও এৰে ৷
আমাৰে দেশৰ
বোৱতী সুঁতিক
বাধা দিব কোনে পাৰে ?
আগলতি কালাপাত
লৰে-চৰে
মনৰ পখিটি মোৰ উৰে উৰে
কোন চিফুঙৰ সুৰে সুৰে ৷
অʼ….অʼ….অʼ……..।
ৰচনা কাল ১৯৫৬
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨