জোনাকী পৰুৱা


জোনাকী পৰুৱাৰ পোহৰ পোহৰে;
প্ৰতিভা বৰুৱাই অকলে আগুৱাই।

এখুজি দুখুজি,
লাজুকী গতিৰে
হৰিণী লেখিয়া,
থমকি কিয় ৰয়?

সিফালৰ পৰা সৌ
দিগন্ত ওলালে
প্ৰতিভাই আৱেগত
সাবটি ধৰিলে,
লাজতে মৰহি যায়।

প্ৰতিভা বৰুৱাই, আমালৈতো নাচায়
বন্ধু বʼলাঁ যাঁ, আপোন ঘৰলৈ
কি হʼব গীটাৰ বজাই।

অʼ জোনাকী পৰুৱাৰ
পোহৰে পোহৰে
দিগন্ত প্ৰতিভা
ৰঙতে আগুৱায়।

ৰচনা কাল : 1977

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top