জুয়ে পোৱা তিৰাশীৰ


জুয়ে পোৱা তিৰাশীৰ
নিৰ্বাচনীৰ বছৰ
মোৰ ভাইটি নোহোৱা হʼল
নেপালোঁ খবৰ
তই জাননে খবৰ?
তই জাননে খবৰ?

জিলাৰ দহোগাঁৱত
তোৰ সমকক্ষ নাই
তোক হেৰুৱাই আমাৰ গঞাই
ক্ৰোধতে বিনায়।
মৰিশালি হʼল পাঠ্যপুথি থোৱা ঘৰ
আহোঁ বুলি নাহিল দেখোঁ
জাননে খবৰ?
(আৰু) জান যদি কোনোবাই তাক
দিবিনে খবৰ?
তাক দিবিনে খবৰ?
তাক দিবিনে খবৰ?

জানো তাৰ পণ আছিল
দেশখন গঢ়িব
অহা দিনৰ সুন্দৰ জীৱন
অসমবাসীক দিব।
চিঞৰে সি নিজৰ মাটিত
হʼব কিয় পৰ!
মোৰ ভাইটি নোহোৱা হʼল
জাননে খবৰ?
তাৰ জাননে খবৰ?
তাৰ জাননে খবৰ?

এদিন দেখোঁ চৌপাশে
দৈত্য-দানৱ আহি
লুইতপাৰত গুলীয়ালে
বহুতো গʼল ভাহি?
লগত আছিল ৰংপি পেগু
গগৈ বসুমতাৰী
ৰহিম কুৰ্মী যোচেফ আছিল
ছেত্ৰী তেৱাৰী।
হৰবন্স আছিল শিষ্য গুৰু টেগবাহাদুৰৰ
সবাকে দানৱে নিলে
জাননে খবৰ
তই জাননে খবৰ?
তই জাননে খবৰ?
তই জাননে খবৰ?

আয়ে দেখোন ভাতৰ পাতৰ
কাষলে নেযায়
ছাত্ৰহঁতে দিনে-নিশাই
বাছত জুমি চায়
ভনীয়ে নিতে ভাইটিৰ ঘৰত
বন্তি জ্বলায়
বুঢ়া পিতাই ইছটেছনত
ৰেল গাড়ীবোৰ চায়।
অচিন যাত্ৰী ঠাহ খাই থাকে
ভাইটিটোহে নাই
দেশখনে বিচৰা মোৰ
ভাইটিটোহে নাই।
ঠিকনা তাৰ নোহোৱা হʼল
শুদা হʼল ঘৰ
মোৰ ভাইটি নোহোৱা হʼল
 জাননে খবৰ?
 তাৰ জাননে খবৰ?
 তাৰ জাননে খবৰ?
 তাৰ জাননে খবৰ?
 
সংবিধানৰ বাধ্যবাধকতাৰ পৰিবেশত
হেজাৰজনৰ ৰক্তনদী বʼলে অসমত
তিৰাশীৰ হত্যা যেন পুনৰ নহয়
যদি হয় ভাৰততো, হʼব যে প্ৰলয়।
বিভেদকামীক দিব চিতা আৰু যে কবৰ
অʼ ভাইটিক দেখ যদি দিবিনে খবৰ?
তাক দিবিনে খবৰ?
তাক দিবিনে খবৰ?

জুয়ে পোৰা তিৰাশীৰ
নিৰ্বাচনীৰ বছৰ
ভাইটি নোহোৱা হʼল
জাননে খবৰ
তই জাননে খবৰ?
 

ৰচনা কাল :- ১৯৮৪

1 thought on “জুয়ে পোৱা তিৰাশীৰ”

  1. Pingback: Aagun Jwele Dui Chokhete l Lyrics l Bangla lআগুণ জ্বেলে দুই চোখেতে - Bhupen Hazarika Lyrics Archive

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top