জীৱনটোৰে কান্দোনখিনি


জীৱনটোৰে কান্দোনখিনি
নিজেই সাঁচি থলোঁ;
জীৱনটোৰে হাঁহিখিনি
বিলাই বিলাই দিলোঁ।
শ্ৰোতা বন্ধু তুমিও অকণ লোৱাঁ।।


হাঁহিখিনি পাবৰ বাবে বহুতো কান্দিলোঁ
মাজে মাজে কান্দি কান্দি নিজেই হাঁহিলোঁ,
বহুত কান্দোন, অলপ হাঁহিৰ এইয়ে জীৱন মেলা।।
(সেয়ে) জীৱনটোৰে হাঁহিখিনি
বিলাই বিলাই দিলোঁ।।
শ্ৰোতা বন্ধু, তুমিও অকণ লোৱাঁ।
বন্ধু তুমি হয়তো পালাঁ
মাথোঁ অৱহেলা,
সেয়ে মোৰ অলপ হাঁহিৰ অংশ
তুমিও পালা।
হেজাৰ মুখৰ সুখৰ হাঁহিৰ সপোন দেখিলোঁ।
হেজাৰ জনৰ বেজাৰ দেখি প্ৰতিজ্ঞা কৰিলোঁ।
অলপ কান্দোন, বহুত হাঁহিৰ পাতিম ময়ো খেলা।
সেয়ে জীৱনতোৰে হাঁহিখিনি বিলাই বিলাই দিলোঁ।
শ্ৰোতা বন্ধু, তুমিও অকণ লোৱাঁ।।

ৰচনা কাল 1964

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top