জিন্দাবাদ মেণ্ডেলা


জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ
জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ
 সাতাইশ বছৰ আৰু সাতটা মাহৰ
বন্ধ কাৰাগাৰ ভাঙিলাঁ
 প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ
 নতুন যুৱক হৈ ওলালা
 জিন্দাবাদ মেণ্ডেলা।।
 
বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনি
বজ্ৰ হাতুৰীৰে ভাঙিলা
মুক্ত আকাশৰ উদ্দেশ্যে
দৃঢ়মুষ্টি তুমি তুলিলা
জিন্দাবাদ মেণ্ডেলা।।
 
কৃষ্ণাংগৰ চিৰমুক্তি
তোমাৰ আজীৱন যুক্তি
যাৱজ্জীৱন কাৰাদণ্ডটো
নকৰিলা আপোচৰ চুক্তি
তুমি নকৰিলা আপোচৰ চুক্তি
সাম্যপিয়াসী লক্ষজনৰ
বন্দী শিবিৰ তুমি নাশিলা
জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ ।।

ৰচনা: 1990

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top