জনকপুৰৰ জানকীয়ে


জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে
ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।

বুধৰ গলত ৰঙা ৰুমাল
বাহুত তামৰ তাবিজ
কʼলা চুলিত কত যে ভাঁজ
দেহত ৰঙীণ কামিজ
কাজল সনা চকু দুটাই হাঁহে
ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।
জানকীৰে লাহী কঁকাল বতাহতে হালে
হৰিণী দুচকুতে তাইৰ বিজুলীটি খেলে
সাত সাগৰ ঢৌত যেন ভাহে।

কাণত লৰে চৰে কৰে
দুটি ৰূপৰ ঝুমকা
খোজে পতি কিবা বাজে
থুনুক থুনুক থুনুকা।
কিহৰ ভৰত খোপাটি তাইৰ খহে।

ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।

কোমল ৰঙৰ ওঁঠ দুটি
যেন চাহৰ কঁহিপাত
ঝুমুৰেৰে সুৰ যেন
বʼহাগী কুলীৰে মাত
অʼ……
শুনি বুধুৰ কলিজাটি দহে।
ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।

চাহ গছৰ মাজে মাজে
দূৰণিলৈ যোৱা বাট
তাৰ মূৰত শনিবাৰে
বহে এখন চেনেহৰ হাট।
তাৰে পৰা বুধু আজি আহে
কি বা আনে কি বা নানে
জানকীয়ে নেজানে
চকুত মাথোঁ সপোনটি ভাহে।
ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে।

ৰচনা কাল : ১৯৫৬

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top