চেনাই মোৰ অʼ

গাভৰু : চেনাই মোৰ অʼ
গাভৰু কালতে এজনী আছিলোঁ
ফুলক নুবুলিলো ফুল
থুৰীয়া তামোলে কোচে নধৰিছিল
খোপায় নধৰিছিল ফুল।

পুৰুষ : নৱমী অʼ
তেল পৰি পিছলা
ভৰি দিব নোৱাৰা
ৰঙাজানৰ তেলীয়া সাঁকো
দিনটো নেদেখি থাকিব নোৱাৰোঁ
ৰাতি কেনেকৰি থাকোঁ?

গাভৰু : হাঁচতি হাঁচতি কৰ ডেকাটি
হাঁচতি ৰাখিছোঁ বৈ ডেকাটি
হাঁচতি পাবি তই মোকে নাপাৱ
গামোচা পাবি তই মনটি  নাপাৱ।
অʼ ভটিয়াই যাবিগৈ কলবাৰী পাবিগৈ
চপাই নাকাটিবি পাত
আলহীৰ নিচিনা খাবি চাউল সিজা
মোৰ গাত নিদিবি হাত।

পুৰুষ : গাভৰু অʼ
তেলৰে বাটিতে তেলে মলঙিলে
গাতে মলঙিলে ঘাম
পদূলি মুখতে সুহুৰি মাৰিবি
দুয়ো একেলগে যাম।
  গাভৰু : মোকে লাগে লাগে কৰ ডেকাটি
তোলৈ যাবলৈ নাই মনটি
চকু কেৰাহিকৈ নাচাবি ডেকা
বাওনাই চন্দ্ৰক নাপাবি একা
অʼ আমাকে পাবলৈ গঙ্গাস্নান কৰগৈ
বিধাতাৰ ধৰগৈ ভৰি
হাতত নধৰিবি হাতযোৰ কৰিছোঁ
লাজতে যামগৈ মৰি।।

ৰচনা কাল : ১৯৭৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top