গাভৰু :- চয়নিকা
চয়নিকা চয়নিকা চয়নিকা চয়নিকা
ডেকা:- একবিংশ শতিকা আহিল দেখোন
আহিলেই দেখোঁ চয়নিকা—
গাভৰু :- নতুন শতিকাক সাবটি লʼবলৈ
সাজু হোৱা চয়নিকা।।
চয়নিকা চয়নিকা
গাভৰু :- তুমি যাক ভাল পাইছাঁ আজি
সেই ডেকা বন্ধুকো কোৱাঁ
দুয়ো :- বিংশ শতিকাৰ আবৰ্জনা
ধুই পখালি থোৱা
মনবোৰ নিকা কৰি লোৱা
গাভৰু :- বিংশ শতিকাৰ নাটকখনিৰ–
পৰিব যৱনিকা।
চয়নিকা চয়নিকা চয়নিকা
তুমি কৈশোৰ পাৰ হʼবা।
ডেকা:- একবিংশ শতিকাত
গাভৰু :-ভৰা যৌৱন লৈ
ডেকা:- লুইতত সাঁতুৰিবা।
এই শতিকাৰ বিঘিনি নেওচি
নতুন পথেৰে আগুৱাবা–
গাভৰু :- তুমি নহʼবা পলাতকা পলাতকা।।