গৌৰীপুৰীয়া গাভৰু দেখিলো


গৌৰীপুৰীয়া গাভৰু দেখিলোঁ
হাতী ধৰিবলৈ গৈ।
হাতীও ধৰিলোঁ তাইকো মুহিলোঁ
সাঁতুৰি গদাধৰ নৈ হে’।।
মহলৰ কাষতে নৈৰে পাৰতে
আছিলে অকলে ৰৈ হে’।।

গোৱালপাৰাৰ হাতী মহল,মাউত নানা স্থানৰ
তাৰেই মাজত মাথোন ম‍ই শিৱসাগৰৰ গাঁৱৰ
সেয়ে, গভীৰ হাবিত গাইছিলোঁ বিহু ব’হাগৰ।

কথাঃ কি গাইছিলোঁ!

‘পৰ্বতে পৰ্বতে বগাব পাৰোঁ ম‍ই
লতানো বগাবলৈ টান
বলীয়া হাতীকো বলাব পাৰোঁ ম‍ই
তোমাকনো বলাবলৈ টান।’

গাভৰুৰ বলালোঁ মন,লতাও বগালোঁ
বিহু গায়েই অচিন সুন্দৰীৰ চিত হৰি নিলোঁ
কষ্ট কৰিলে ৰত্ন মিলিব কথাটি শিকিলোঁ।।

তেজক পানী কৰি কৰি হস্তিনী ধৰিলোঁ
ধৰাৰ পিছত মহলদাৰৰ মাননি লভিলোঁ
সেয়ে, কইনাক দেখুৱামগৈ দিখৌ নৈৰ পাৰ।।

ৰচনা কাল : ১৯৭৯

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top