গুপুতে গুপুতে কিমান খেলিম


গুপুতে গুপুতে কিমান খেলিম
আলিঙ্গনৰ এই খেলা
ছটিয়াও আহাঁ আকাশে বতাহে
দুয়োৰে ৰঙৰে মেলা।

 সমাজ আৰু সংস্কাৰক
দেখুৱাওঁ আহাঁ প্ৰিয়া
লুকাই নথৈ আমাৰ দুখন
সাগৰৰ দৰে হিয়া ।

যৌৱনত জানো পাপ থাকে
প্ৰকাশ জানো বন্ধ থাকে
লহৰে জানো সাগৰক কৰে
কাহানিও অৱহেলা ।

 তোমাৰ নয়ন যুৰি
তোমাৰ বুকুৰ পাপৰি
প্ৰতি চাৱনি শুৱনি
প্ৰতি পৰশ লাৱনি;
বন্ধ ঘৰৰ খিৰিকী দুৱাৰ
খোঁলা আজি প্ৰিয়া খোঁলা
নেলাগে আৰু দেখুৱাব আজি
শালীনতা শৃংখলা ।

মৰমত জানো নিয়ম থাকে
ধুমুহাৰ জানো পৰিধি থাকে
প্ৰভাতক জানো ঢাকিব পাৰি
পিন্ধাই লাজৰ মালা ।।
 

ৰচনা কাল : ১৯৭৬

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top