কোনে জানে তোমাৰ সপোন হ’ব নে পূৰণ

কোনে জানে তোমাৰ সপোন
হ’ব নে পূৰণ ?
আকাশতে থকাজনে
লিখে কপালৰ লিখন |

জীৱনৰে ছবি আঁকি
কোনে সজাই দিব ?
আকাশতে থকাজনে
লিখে কপালৰ লিখন |
 
জীৱন বীণাৰ আনন্দেৰে
যদি খোজা বজাব
হাঁহি হাঁহি বিধিৰ লিপি
মানিলেই হ’ব|

দুখত যদি হাঁহি থাকা
মচি তোমাৰ নয়ন,
আকাশতে থকাজনে
লিখে কপালৰ লিখন |
 
জীৱনৰ আন এটি নাম
পদুম পাতৰ পানী,
প্ৰভাতে যে কাল সন্ধিয়াৰ
নেজানে আঁচনি, আঁচনি |

কোনে জানে কাহানি হয়
উশাহৰ মৰণ,
আকাশতে থকাজনে
লিখে কপালৰ লিখন |
আকাশতে থকাজনে
লিখে কপালৰ লিখন |
 
কোনে জানে তোমাৰ সপোন
হ’ব নে পূৰণ ?
আকাশতে থকাজনে
লিখে কপালৰ লিখন ||
 

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top