কি মায়া জৰীৰে বান্ধিলা

কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ
হেৰালে চেতনা গাৰ
মৰিচিকা খেদি ভাগৰি পৰিছোঁ
একোৰে পোৱা নাই পাৰ।

সমাজখন ভুৱাৰে ভৰি গ’ল
মানুহে মানুহক নিচিনা হ’ল
বৰ ঘৰ মজিয়াত ফেঁটী-গোম সোমালে
সঁচা মানৱতা কেনিবা লুকালে
মৰণেও ল’লে আঁৰ।

সুনীতিৰ আসনত অনীতি বহিছে
ধৰমৰ খুঁটিও সঘনে লৰিছে
চিনাকী আলহীয়ে গিৰিহঁত সাজিছে
ঘৰৰে ধন-বিত হেলাৰঙে লুটিছে
কোনেও পোৱা নাই সাৰ।
কোনেও পোৱা নাই সাৰ |
 

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top