কিনো কপাল

কিনো কপাল সাধি আহিলি বান্ধ
ঘৰ মৰিশালি হʼল।
আপোন হাতেৰে ফুলনি পাতিলি
থিতাতে মৰহি গল হেʼ।।

আকাশৰ মনেৰে জোনক সাবটিলি
জোনৰ নুবুজিলি ছল।
জোনও লুকালে জোনাকো পলালে
সৰিছে চকুলোৰ ধল হেʼ।।
 
গৰু-গাই মাউৰা পাৰহো মাউৰা
তাঁতৰ শাল নিমাওমাও হʼল,
পুখুৰীৰ পাৰটো উকা উকা লাগে
সোঁৱৰণী পৰি ৰল।।

মনৰে দাপোণত মনৰ মানুহজনী
কিয় নাইকিয়া হল।
মায়াময় পৃথিৱীৰ আশাৰে থাপনা
ছেদেলি ভেদেলি হল হেʼ।।
 
“মৎস কুৰ্ম নৰসিংহ বামন পৰশুৰাম,
হলিৰাম বৰাহ শ্ৰীৰাম
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহোঁ প্ৰণাম”
 
মোৰে উদং ঘৰখনিৰ, নঙলা খুলিছে
লখিমী উভতি আহি
নিজ হাতে সাৰিছেহি, মোৰে বাহী চোতালখনি
অʼ ফুলালে মৰহা পাহি।
এন্ধাৰকৈ আকাশত, আজি যেন দেখিছো
মৰমী জোনাকৰ ধল
হেৰোৱা লখিমীক হাততে পাই যেন
সংসাৰ শুৱনি হʼল।
 

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top