কাৰ আকাশৰ ৰামধেনুখনি
কʼতে বা লুকায়
কাৰ সপোনৰ ফুলনিখনি
মৰহি শুকায়।
জীৱনৰে লুইতত নাও মেলি দে
আশাৰ তুলি লৈ পাল
একোকে নেপালে পায়ো হেৰুৱালে
নিচিগে মায়াৰে জাল
হায় ! হায় !! হায় !!!
উৰি গুছি গʼল লুইতপৰীয়া
চাকৈ-চকোৱা হাল
অকলশৰীয়া নিশাটি জনাই
ৰʼবনো কʼত বাট চাই।
নিশা এন্ধাৰত পঁজাতে চিঞৰি
ঊষাটি বলিয়া হʼল
ওলাই জোনৰ হাঁহিটি দেখি
ঊষাকো পাহৰি গʼল।
মানৱী জলধিত পুৱাতে উঠিলে
জনমৰ কোলাহল
নিমাতী গধূলি আহিলে কুঁৱলী
মৰণৰে মহাকাল।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨