কাল জয়ী মৃত্যুঞ্জয়ী, কালজয়ী মণিৰাম
তোৰ মৃত্যুৱে আজি ঘৰে ঘৰে কৰে
মুক্তি-যুঁজৰ আহ্বান।
ই জ্যোতিৰ আঁকিব আল্পনা
হʼব এন্ধাৰ অৱসান ।।
অসমীৰ অতীতৰ ফিৰিঙতি তই
আজিৰ অগনিৰ প্ৰাণ
ৰাইজৰ সাহসক উদঙাই দে তই
হওক সৃষ্টি অৱিৰাম
কালজয়ী মণিৰাম দেৱান।।
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨