এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়

এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়
মোৰ বনহংসই বাট হেৰুৱায়।
মই আছোঁ শাৰদীয় খিৰিকীমুখত
বুকুৱে বিচৰাজনলৈ বাট চাই।।

বিজুলী চাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছটিয়ায় ।

মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণী শ্রাৱণতে আৱদ্ধ।


নিয়ন চাকিয়ে আজি চকু টিপিয়ায়
শৰৎ সন্ধ্যা মহানগৰী সজায়।
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়ায়।


 

1 thought on “এটুকুৰা আলসুৱা মেঘ ভাঁহি যায়”

  1. Pingback: Ek khana | Full Lyrics | Bengali | একখানা মেঘ ভেসে এলো আকাশে - Bhupen Hazarika Lyrics Archive

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top