এক বিন্দু
দুই বিন্দু
জীৱনৰ
অমৃত পানী
পানী এক বিন্দু, দুই বিন্দু
হেজাৰ বিন্দু……. লক্ষকৌটি বিন্দু
উত্তৰে পানী/ দক্ষিণে পানী/ পূৱে পানী/ পশ্চিমে পানী
ই নিষ্ঠুৰ মৃত্যুৰ ধেই ধেই তাণ্ডৱ জয়াল ভয়াল বানপানী।
ই পানী নহয় আনন্দৰ
এই ভয়াবহ পানী আতঙ্কৰ
উত্তৰে পানী দক্ষিণে পানী
পূৱে পানী পশ্চিমে পানী
ই ভয়াল জয়াল বানপানী।
এই পানী শীতল নহয়
এই পানীয়ে মাথোঁ দহে
এই পানী পৱিত্ৰ নহয়
এই পানীয়ে আশা দহে
এই পানীয়ে প্ৰাণ দহে
এই পানীৰ খঙাল কোবত
আকাংক্ষাৰ ওখ ওখ গৰা খহে।।
উত্তৰে পানী/ দক্ষিণে পানী/ পূৱে পানী/ পশ্চিমে পানী।
ই নিষ্ঠুৰ মৃত্যুৰ ধেই ধেই তাণ্ডৱ জয়াল বানপানী।
ই আশা দহে, প্ৰাণ দহে
যৌৱন দহে, জীৱন দহে
ই কি বিভৎস পানী
ই নিষ্ঠুৰ মৃত্যুৰ ধেই ধেই তাণ্ডৱ – ভয়াল জয়াল বানপানী।।
ৰচনা কাল : ১৯৯০