এই বʼহাগ জ্বলন্ত অৰুণ
এই বʼহাগ দুৰন্ত তৰুণ।
পুৰণি শত শত
বʼহাগ মাহৰ
জহি-খহি যোৱা
মূল্যবোধৰ
মৈদাম খান্দি খান্দি
হাড়বোৰ নিকা কৰি
অস্ত্ৰ সাজি সাজি
লৈ নিশ্বাস
কোনে বাৰু হাঁহি হাঁহি
শোষণ সেনানীৰ
কৰিছে বিনাশ?
এই বʼহাগ জ্বলন্ত অৰুণ
এই বʼহাগ দুৰন্ত তৰুণ।
পুৰণি বʼহাগ ক্লান্ত আছিল
পুৰণি চিন্তা অশান্ত নাছিল।
আজিৰ বʼহাগ যেন বলিয়া বসন্ত
থিয় হৈছেহি এক তৰুণ দুৰন্ত।
মৃত্যুৰে সখা পাতি
ৰঙালে ফাগুন
বʼহাগতে খেদিছেহি
নিঠুৰ শগুণ।
এই বʼহাগ জ্বলন্ত অৰুণ
এই বʼহাগ দুৰন্ত তৰুণ।
দেশৰ মাটিত তাৰ ভৰি দুটা আছে
কʼলা কʼলা চুলিবোৰে চুইছে আকাশ
বাহু দুটা মেলি সি বুটলিছে তৰা
কণ্ঠত যুক্তিৰ মুক্ত প্ৰকাশ।
আকাশে ঢালে নতুনৰ বৰষুণ
ঢোল বাই নাচে দুৰন্ত তৰুণ
এই বʼহাগ জ্বলন্ত অৰুণ
এই বʼহাগ দুৰন্ত তৰুণ।
ৰচনা কাল : ১৯৯১
(বি:দ্ৰ: – ওপৰৰ গীতটি কেছেটত যিদৰে বাণীবদ্ধ কৰা হৈছে, সেইদৰে লিপিবদ্ধ কৰা হৈছে। এই গীতটো প্ৰথমে যিদৰে ৰচনা কৰিছিল, সেই লিখিত ৰূপটো তলত সন্নিৱিষ্ট কৰা হʼল।)
পুৰণি শত শত
বʼহাগ মাহৰ
জহি-খহি যোৱা
মূল্যবোধৰ
মৈদাম খান্দি খান্দি
হাড়বোৰ নিকা কৰি
অস্ত্ৰ সাজি সাজি
লৈ নিশ্বাস
কোনে বাৰু হাঁহি হাঁহি
শোষণ সেনানীৰ
কৰিছে বিনাশ?
এইবাৰ বিহু যেন জ্বলন্ত অৰুণ
এই বʼহাগ এক দুৰন্ত তৰুণ।
পুৰণি বʼহাগবোৰ ক্লান্ত আছিল
পুৰণি চিন্তাবোৰ অশান্ত নাছিল।
আজিৰ বʼহাগ যেন বলিয়া বসন্ত
থিয় হৈছেহি এক তৰুণ দুৰন্ত!
মৃত্যুৰে সখা পাতি
ৰঙালে ফাগুণ
বʼহাগত খেদিছেহি
নিঠুৰ শগুণ।।
এইবাৰ বিহু যেন জ্বলন্ত অৰুণ
এই বʼহাগ এক দুৰন্ত তৰুণ।
দেশৰ মাটিত তাৰ
ভৰি দুটা আছে
কʼলা কʼলা চুলিবোৰে
চুইছে আকাশ
বাহু দুটা মেলি
সি বুটলিছে তৰা
কণ্ঠত যুক্তিৰ মুক্ত প্ৰকাশ।
আকাশে ঢালে নতুনৰ বৰষুণ
তাতে ঢোল বাই নাচে দুৰন্ত তৰুণ
এইবাৰ বিহু এক জ্বলন্ত অৰুণ
এইবাৰ বʼহাগ এক দুৰন্ত তৰুণ।।
তাতে ঢোল বাই নাচে দুৰন্ত অৰুণ।।