ঊষা আৰু নিশা

ঊষা আৰু নিশা
অসমীৰ সিপাৰতে
মহা জলধিৰ শেষতে
জ্যোতি এন্ধাৰৰ মাজতে
দুটি কণ্ঠৰ কথা শুনো ৰিণিকি ৰিণিকি অহা
এই হʼল ঊষা
আনটি কলিয়া নিশা
নিশাই পিন্ধিছে জোনবিৰি কেৰুমণি
হেজাৰ তৰাই ফুল বাছি যোৱা
এন্ধাৰৰ সিংখাপ খনি
চকুত টোপনিৰ ভাষা-তাই ঊষাৰ সখীটি নিশা


চকুটি মোহাৰি নিশাই বুলিলে-
অʼ মোৰ ভনীটি ঊষা,
নাভাঙিবা মোৰ আশা,
পৃথিৱীৰ যত আছে নৰ নাৰী
ভাগৰত জুৰুলা হোৱা
আপোন পাহৰি নিদ্ৰা মগন
মোৰেই কোলাতে চোৱা
আজিৰ সুপ্ত মহাজীৱনত
তুমিয়ে সাবটি লোৱা।
বিদায় মাগিছোঁ ভাগৰি পৰিছোঁ
এলাহ সামৰি থোৱা
নাভাঙিবা মোৰ আশা
অʼ মোৰ সখীটি ঊষা।
নিশাৰ চকুত নিয়ৰ উজ্বলিল
আৰু বিদায়ৰ ভাষা।
ঊষাই পিন্ধিছে নতুন ৰিহা
সেন্দূৰ ৰহণ জ্বলা
নীল জলধিৰ ঢৌ ঠেকা খোৱা
সু চঞ্চলা মেখেলা
কপালত আছে সূৰুয ফোঁটটি লিখা
তাই নিশাৰ সখীটি ঊষা
সেউজীয়া জীৱনৰ ছন্দত নাচি বাগি
মৌ কোঁহ আঁচলত লৈ
উৰি ফুৰা চুলিটাৰি
সামৰি সামৰি লৈ, ৰাংঢালী ঊষাই কয়
অʼ সখী নিশা
নাভাঙো তোমাৰ আশা
নিদ্ৰা এৰিছে মহাজীৱনে
পোহৰ বিচাৰি আজি
সেয়েহে আজি ন-ৰহণেৰে
ওলালোঁ সাজি কাচি
যোৱা মোৰ সখীটি নিশা।
নিশাৰ চকুত নিয়ৰ উজ্বলিল
আৰু বিদায়ৰ ভাষা
ঊষাই যাচিলে মহা জীৱনৰ
সাত বৰণীয়া আশা।

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top