আৰক্ষী বাহিনীৰে

আৰক্ষী বাহিনীৰে কু-শাসন ৰক্ষা
কিছু দিনহে কৰিব পাৰি !
নৱ নৱ পুৰুষৰ নোপোৱাৰ প্ৰকাশক
ভৰিৰে মোহাৰিব নোৱাৰি।।

আজিৰ সমস্যাই ভবাই তুলিবই
আজিৰ শিক্ষাৰ্থীক
(তাকে) শান্তিৰে প্ৰকাশিলে, নপঠাবি কুশাসক
পাশৱিক বাহিনীক !

নধৰেনো কিয় মুখা পিন্ধা
অসভ্য বুদ্ধিজীৱীহঁতক
(আৰু) অ পাঠ্য পাঠ্য-পুথি
লিখা যত আছে মিছা ৰচকক !!

বুজিছোঁ পুহিছ ৰাইজৰ ধনেৰেই
পাশৱিক বাহিনীক
নপঠাৱ কিয়, মষিমূৰ কৰিবলৈ
খাদ্য মজুতকাৰীক?

জন্ম লʼলে আজি যিটি শিশুৱে
সিও যে কালিৰ প্ৰতীক
একুৰি বছৰীয়া আজিৰ ডেকা
কাইলৈ হʼব নাগৰিক।।

(এই) সংঘাতী শতিকাই কৰিবই কৰিব
সংগ্ৰাম চিঞৰি চিঞৰি
(সেয়ে) পুৰণি চিন্তাৰ পাশৱিকতাৰে
নিদিবি মিছা মথাউৰি।

আজিৰ যুৱকৰ তেজাল যৌৱনে
এতিয়াই আঁচনি কৰিব
অনাগত একৈছ শতিকাত সিয়ে গৈ
নতুনত বাস্তৱ হʼব।
একবিংশ শতিকাই অলপতে জ্বলাব
নতুন সৃষ্টিৰ চাকি।
বিংশ শতিকা পাৰ হৈ যাবলৈ
আঢ়ৈ দশকহে বাকী।।

আজি যৌৱনৰ ক্ৰোধৰ কাৰণ
ধৈৰ্যৰে ফঁহিয়াব পাৰি।
(সেয়ে) এটোপাল ৰক্তও অবাবত নোবোৱাবি
পাশৱিক, কামোৰ মাৰি।।

সাৱধান দুষ্কৃতিকাৰী
ওলোটা পাকেৰে, চলাব নোৱাৰি
জীৱন সময়ৰ ঘড়ী।।

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top