আমি নহওঁ মাথোঁ

আমি নহওঁ মাথোঁ ক্ৰন্দনৰত
গঢ়িম শক্তি সন্মিলিত
মানুহে মানুহে মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম।

পাগলী পাগলী
দেওধনীজনীৰ
উলঙ্গ নৃত্যক সভ্য কৰিম
বিজ্ঞানেৰে দুৰ্ব্বাৰ গতিক
শক্তিত পৰিণত কৰি
আমিয়েই মানুহৰ
কল্যাণ ধৰালৈ আনিম।

মানুহে মানুহে মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম
মানুহৰ কল্যাণ
ধৰালৈ আনিম।
উত্তৰে পানী
দক্ষিণে পানী
পূবে পানী
পশ্চিমে পানী।

ৰচনা কাল : ১৯৯০

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top