আকাশী যানেৰে


 
আকাশী যানেৰে
উৰণীয়া মনেৰে
দোকমোকালিতে
পশ্চিমৰে পৰা, বঙ্গৰে পৰা
মাৰিলো উ…ৰা…..।
মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ
আকাশী যানেৰে ৷

মই লাহে লাহে ধৰিত্রী এৰিলোঁ
মই উৰি উৰি মেঘতে সাঁতুৰিলোঁ
মোৰ মন বগ আজি দেখোঁ বিমান হ’ল
মোৰ বিমানখনি দেখোঁ কল্পনা হ’ল
কাৰ মিঠা মাতে কৰে মোক আত্মহাৰা
শুনোঁ চিনাকী সুৱদী সুৰ।
মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ
আকাশী যানেৰে ৷

পদ্মা নৈ, অ’ পদ্মা নৈ
তই গ’লি ক’লৈ ?
পদ্মা নৈৰ ওপৰেদি আমাৰ বিমান নুৰে
হঠাতে ভুমুকি মাৰে গৌৰীশঙ্কৰে;
এʼ ধৱল ধৱল গিৰিৰ শিৰত
প্রভাতী ৰʼদ পৰে
কাঞ্চনজঙ্ঘাৰ কাষেদি
আমাৰ বিমান আজি ঘূৰে।
কেতিয়ানো শুনোঁগৈ চিনাকি মোৰ সুৰ।
মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ।
আকাশী যানেৰে ৷

তলত দেখিলোঁ মই গাৰো পাহাৰ
সেইয়া যেন ক’ৰবাৰ সেউজ সাগৰ
ওখৰা মোখৰা কতনা লহৰ
অলপ আগুৱালোঁ, অলপ নামিলোঁ

সেয় কিবা চিনাকি দৃশ্য দেখিলোঁ
কি সেই ধুনীয়া অলকাপুৰী
গুৱাহাটী মহানগৰী
সৃষ্টিৰ আদিতে জেউতি বিলোৱা প্রাগজ্যোতিষপুৰ
পিছে লক্ষস্থান যে তেজপুৰ
আকাশী যানেৰে ৷

অকোৱা পকোৱা গামোচা এখন
যেন বালিত মেলি থোৱা আছে
সেইখন গামোচা বৰহমপুত্র
শীততে ৰ’দ হে পুৱাইছে।

জঁপিয়াই বালিভোজ খাম
আজিৰ বিহু গীত গাম
মোৰ মন চকু পৰিলে জুৰ।
পিছে লক্ষ্যস্থান মোৰ তেজপুৰ
আকাশী যানেৰে ৷

লাহে লাহে দেখিলোঁ বাগিচা চাহৰ
বাঁহৰে লেকেচিৰ আগত
বহি থকা সৌন্দৰ্য্য কপৌ হালৰ
ক’ত আছে অগনিৰ গড়
ক’ত মোৰ ঊষা নগৰ;
পাওঁ যেন পাওঁ মোৰ উষা নগৰ;
মায়াবিনী বিমানখনি হ’ল চিত্রলেখীজনী,
কঢ়িয়াই আনিছে উষাৰ পুৰলৈ
মই নিজেই যেন অনিৰুদ্ধ কোঁৱৰ
মায়াৰে খুলিম মই ৰুদ্ধ দুৱাৰ
জ্যোতি নাটকৰে মই ৰূপহ কোঁৱৰ।

সৌৱা কুঁৱৰী সদ্যস্নাতা উষাই
কেশৰ মেঘালী মেলি
মোলৈকে আছে বাট চাই
মই উষাক কৰিমেই চুৰ
মোৰ বিমান পালেহি তেজপুৰ।
আকাশী যানেৰে
উৰণীয়া মনেৰে
পালোঁহি মোৰ মৰমৰ তেজপুৰ৷৷

ৰচনা কাল : ১৯৬৩

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top