অৰুণ কিৰণ শিৰৰ ভূষণ

অৰুণ কিৰণ শিৰৰ ভূষণ
গলে হিমৰ ঢল,
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।

কামেং চিয়াং লোহিত আৰু
টিৰাপ সোৱণশিৰী
চিৰ জ্যোতিৰ কুসুম ৰূপে
শোভে হিমগিৰি ।

পঞ্চ ফুলৰ থোপা সাজি
আনন্দ উচ্ছল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল।

ৰচনা কাল : ১৯৭২

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top