অসমী আইৰে লালিতা-পালিতা


(অসমত এনে কন্যা বহুতো আছে – যাৰ মাতৃভাষা হয়তো অসমীয়া  নহয় । অথচ ইয়াতে জনম লৈ, অসমী আইৰ কোলাতে লালিতা-পালিতা হৈছে, ইয়াতে জীণ গৈছে । তেনে এগৰাকী কন্যাই অসমী আইক মনৰ কথাৰে সকীয়াই দিছে এইবুলি – )

অসমী আইৰে লালিতা-পালিতা
মই তোলনীয়া জী
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?

অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ
অসমীৰ মাতষাৰ আজীৱন শিকিলোঁ
বিহুসুৰ বিনন্দীয়া,
বৰগীত জিকিৰক তামোল দি মানিলোঁ
বাটিলোঁ মুগাৰ বটীয়া ;
বৰলুইত পাৰৰে শীতলকৈ নাদৰে
মিঠা পানী টুপি পি
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি ?

পৃথিৱীখনে যি বলকে বলক
অচিন পখীৰে নলওঁ মই লগ
অসমী আয়ে মোক তুলিছে-তালিছে
কেনেকৈ হওঁ মই পৰ
চেনেহক নেওচা দি
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?

পদুলিৰ কেতেকীৰ সুবাসত আমোলমোল
বতাহ খাই গাভৰু হʼলোঁ
অসমীৰ বতাহক বিষেৰে নভৰাওঁ
এইষাৰ কথাকে দিলোঁ ।
উদাৰচিতীয়া অসমী আইৰে
মৰমৰ শপতে দি
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?

ৰচনা কাল : ১৯৫৬

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top