অলিয়া-বলিয়া মন মোৰ
অলিয়া বলিয়া মন
সুন্দৰ সৃষ্টিকাৰী মই অসুন্দৰহাৰী
নতুনতা মোৰ পণ।
শুৱনী ধৰণী সজাওঁ পৰাওঁ
তুমিয়ে দিয়া তাৰ প্ৰাণ
সাত ৰহণৰ ৰামধেনু লৈ
আকাশ কৰিলোঁ ম্লান।।
লগৰে লগৰী তুমি হʼবা
মোৰ পথৰে প্ৰেৰণাৰ বল
পুৰণি পৃথিৱী ন-ৰূপ
দি বান্ধি লৈ দুয়োৰে মন।।
ৰচনা কাল : ১৯৪৮
গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?
✨ Share Trivia ✨