অতীতৰ বুৰঞ্জী লিখকে

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল
ৰজা-মহাৰজাৰ কথা।
আজিৰ বুৰঞ্জী লিখকে লিখিছে
মানুহৰ মুকুতিৰ কথা।
 
মিছৰ দেশৰে
নীল নৈৰ পাৰৰে
ফাল্লাহীনে বিনালে
কৈ কৃষকৰ বুকুৰে বেথা।
 
মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে
নীগ্ৰো ‘জনে’ বিনালে
কৈ মানুহৰ বৰণৰ কথা।
অতীতৰ বুৰঞ্জী লিখকে লিখিছিল..
 
লুইতৰে পাৰৰে গাঁৱৰে মৰিশালিত
ৰংমনে নিতৌ চিঞৰে
কৈ বোৱঁতী মনৰে কথা।
অতীতৰ বুৰঞ্জী লিখকে লিখিছিল…
 
পাহৰি পেলালোঁ
বুৰঞ্জীয়ে কোৱা
সামন্ত যুগৰে কথা
সময়ৰ সাহেৰে লিখি যাম আজি মই
মানুহৰ মুকুতিৰ কথা।

 ৰচনা কাল : ১৯৫২

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top