অʼ মোৰ জীৱনৰ প্ৰিয় লগৰী

(কথাঃ তাইৰ ডেকা বন্ধু অতীতৰ কথা ভাবি ভাগৰি পৰিছে। তাই কিন্তু ডেকা বন্ধুক কৈছে,– শুভ আঁচনি লৈ আগ বাঢ়া, পিচলৈ টানিলে ঘূৰি নেচাবা — মই তোমাৰ সৈতে আছোঁ।)

অʼ মোৰ জীৱনৰ প্ৰিয় লগৰী
কওঁ তোমাক আজি কথা এষাৰি।

অতীতৰ পৰাজয় পাহৰি পেলাবা
পিছলৈ টানিলে ঘূৰি নাচাবা।

নিৰাশাৰ কʼলামেঘ ক্ষন্তেকীয়া
আমাৰো আশা চিৰদিনীয়া।

যৌৱন সেউজ ৰং পাহৰি নেযাবা
শুভ আঁচনিলৈ আগবাঢ়িবা।

আমাৰো প্ৰেম সৃষ্টিময়
ইংগিত চোৱা সৌ জ্যোতিৰ্ময়।

দূৰত্ব দেখি তুমি ভয় নাখাবা
মোক কাষত লৈ আগবাঢ়িবা।।

ৰচনা কাল : ১৯৯৩

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top