অʼ আয়ুব খান


অʼ আয়ুব খান আৰু ভূট্টোজান!
শিয়াল বা কোন আৰু সিংহ কোন?
মদগৰ্ব্বী হৈ
নুশুনো নুশুনো বুলি
দুটিমান নঙঠা সত্যকে শুন।


সিদিনা আকাশত ওফৰা দেখিলোঁ
দীঘল নেজীয়া তৰা
শুনিলোঁ জন্মুৰ মছজিদৰ
মিনাৰ বাগৰি পৰা।


আনৰ নালাগে নিজ মজহবকে
মৃত্যুৰ নিজে তই দিছ ভাবুকি
শান্তিৰ নামাজ পঢ়োঁতা কাশ্মিৰীক
কোৰান শিকাবিনো কি?


মোৰ ধৰ্ম নিৰপেক্ষ আকাশত
উৰিছে সহস্ৰ ‘নেট’ বিমাল
ওফৰালে মাৰ্কিন অনুকম্পাৰে দিয়া
তহঁতৰ চেবাৰ ‘জেট’ কিমান?


মিছাৰ সদাগৰ চৌ এন লাইৰ
পাইছ হʼবলা মৰম বেথা
অতদিনে নুবুজিলি এবেসে বুজিবি
বগ হৈ লুভীয়া শৃগালৰ কথা।


গফুৰ খাঁ আজাদে আজাদী আনিলে
আজীৱন কাৰাগাৰ মানি।
পাবতহে গজিলি আয়ুব ভূট্টো
ভৰিৰ নেপাৱ পানী।


জাকীৰ, চাদিক, চাগলা, মিৰ কাচিম
নায়ক প্ৰগতি মানৱতাৰ
ধৰ্মৰ মুখা পিন্ধি বিংশ শতাব্দীত
নেভাঙে গীৰ্জা আম্বালাৰ।


তোৰ বেটন্ জোকাৰি পেটন্ টেঙ্কেৰে
দিল্লীত ফুৰিবৰ মন হেনো আছে
লাহোৰৰ ইচোগীল খালৰ পাৰে পাৰে
আমাৰ জোৱানহে টহলিছে!


তোৰ নিৰ্বাচন নাই, নাই গণৰাজ
উপনিৱেশৰ তই ধ্বংসাৱশেষ
নাপাক্ যুক্তিৰে পাকিস্তানৰ
ৰাইজৰ মুক্তিৰো কৰিলি নাশ।


একনায়কত্বেৰে দুদিনৰ ৰাজ পাই
পাক্ স্বাধীনতাকো কৰিলি হৰণ
ৱেলচ পাখটুন, পাঠান ওৱাজিৰ
আফ্ৰিদি খাটাকে নলয় শৰণ।


আমাৰ দেশকে কাফীৰস্তান বুলি
জোকাবি আৰুনো কিমান?
কোটি মুছলিম ভায়ে বাছি দিয়া
প্ৰতিনিধিৰেও চলে হিন্দুস্থান।


আজিৰ যুগ মাথোঁ মানুহৰ যুগ
চুকৰ ভেকুলীক দিওঁ ধিক্কাৰ
প্ৰমত্ত অন্যায়-বক্ষত থিয় হোৱা
শাশ্বত নীতিৰ হে জয় জয়কাৰ।


শুন্ শুন্ হেৰʼ শেষ কথা আয়ুব খাঁ
ভাৰত জয় কৰা এৰ উম্মীদ
আমাৰ মাজতে আছে হেজাৰ বিজাৰ
নিৰ্ভীক বীৰ আব্দুল হামিদ!

ৰচনা কাল :- ১৯৬৫

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top