অʼ আমি তেজাল গাঁৱলীয়া


অʼ আমি তেজাল গাঁৱলীয়া
গাঁৱৰে ৰাখিম মান।
নাঙল-যুঁৱলীৰে পৃথিৱী সজাওঁ
ৰʼদত তিৰেবিৰায় জান।
লহ্‌পহীয়া মুগাবৰণীয়া
মলয়াত হালিছে ধান
গাঁৱৰে ৰাখিম মান।
অʼ আমি গাভৰু ধুনীয়া
ছেগ চাই কাটিমে ধান
গাঁৱৰ গৰখীয়াই পেঁপাটি বজাই
সুৰতে হৰি গʼল প্ৰাণ
ছেগ চাই কাটিমে ধান।
অʼ বতৰ ডাৱৰীয়া
লুইতত আহিছে বান
কাষত কলচি লৈ অমৃত আনিছোঁ
শিৰতে বান্ধিছো বান
গাঁৱৰে ৰাখিমে মান।।

ৰচনা কাল :- ১৯৪৮

গীতটোৰ পৃষ্ঠভূমি / প্ৰসঙ্গ/ গীতটোৰ সৈতে জড়িত কোনো কাহিনী/ Trivia জানে নেকি?

✨ Share Trivia ✨
 
Scroll to Top