ৰঙীণ ৰঙীণ এই জীৱন

ৰঙীণ ৰঙীণ এই জীৱন
মিঠা মিঠা প্ৰতিটো ক্ষণ
অʼ বাৰে বাৰে বিচাৰিছে আলিংগন।।
জীৱন দুদিনীয়া হেৰাই যাব খোজে
কামনাৰে প্ৰাণ সংকেত বাজে
মাদকতা ভৰা এই ধুনীয়া লগন
এৰি দিয়া দেহ প্ৰাণ মন।।
অʼ বাৰে বাৰে -।
কি হʼব আদৰ্শেৰে,
কিনো হʼব ত্যাগেৰে
কি হʼব আজিৰ কথা ভাবি
আজিৰ এই কথা, আজিয়েই ভাবা
নহʼলে ক্ষণ হেৰুৱাবা
এই ক্ষণ নাহে উভতি।।
ৰূপৰ জোৱাৰেৰে উটাই দিয়া না
প্ৰেমৰ ধুমুহাৰে উৰাই নিয়া না,
লালসা ভৰা এই মোহময়ী ক্ষণ
সজোৱা ৰূপেৰে পোহৰ।
অʼ বাৰে বাৰে -।।
 

Leave a Comment

Your email address will not be published. Required fields are marked *

 
Scroll to Top